Ticker

6/recent/ticker-posts

PK Actor Sushant Singh Rajput Suicide news in Assamese

বলিউড অভিনেতা সুশান্ত সিং ৰাজপুত আজি আত্মহত্যা কৰিলে। মুম্বাই চহৰৰ বান্দাৰা এলেকাত তেওঁ নিজ ঘৰতে ফাঁচি লগাই আত্মহত্যা কৰিলে। অভিনেতা সুশান্ত সিং ৰাজপুত বলিউডৰ প্ৰিয় অভিনেতা আছিল, তেওঁৰ এই আত্মহত্যাই সকলোকে আচৰিত কৰি পেলাইছে।


অভিনেতা ৰাজপুতে কিয় আত্মহত্যা কৰিলে এতিয়ালৈকে জানিব পৰা নগল। মুম্বাই আৰক্ষীয়ে কোনো Suicide Note (ছুছাইট নোট) পোৱা নাই। বিহাৰৰ পাটনা নগৰত জন্ম গ্ৰহন কৰিছিল অভিনেতা সুশান্ত সিং। তেওঁৰ কেৰিয়াত PK, MS Dhoni হিট্ ফিল্ম কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল। ফিল্ম জগতত অহাৰ আগতে তেওঁ থিয়াটাৰ আৰু টিভি ছিৰিয়ালত জনপ্ৰিয় আছিল। তেওঁ "পবিত্ৰ ৰিস্তা" TV ছেৰিয়ালত মুখ্য়া অভিনয় কৰিছিল। সুশান্ত সিংয়ে ইঞ্জিনিয়াৰিং পঢ়াৰ পিছত নিজৰ স্বপ্ন পূৰণ কৰিবৰ বাবে মুম্বাইত এক্টিং কেৰিয়াৰ আৰম্ভ কৰিলে। আৰম্ভনিত তেওঁ বেকাপ্ ডেন্ছাৰৰ কাম কৰিছিল, পিছত "কিছ দেশ মে হে মেৰা দিল" নামৰ ছিৰিয়ালটোত অভিনয়ৰ বাবে সুযোগ পাইছিল। পিছত "পবিত্ৰ ৰিস্তা" নামৰ ছিৰিয়ালটোৱে সুশান্ত সিংক জনপ্ৰিয় কৰি তুলিলে। তেওঁ ৰিয়ালিটি শ্বো "জাৰা নাচকে দিখা" আৰু "জলক দি লা জা" ত অংশ গ্ৰহন কৰিছিল। তাৰ পিছত তেওঁ কেদাৰনাথ, এম এছ ধোনি, পিকে ৰ নিচিনা আৰু বহুত হিট ফিল্ম কৰিছিল।

# PK Actor Sushant Singh Rajput Suicide news in Assamese

Post a Comment

0 Comments