Ticker

6/recent/ticker-posts

What is 6G, how fast will it be, and when is it coming? read in Assamese.

পৃথিৱী ইমান দ্ৰতগতি হৈছে যে আজিকালি ইন্টাৰনেট অবিহনে কাম কৰিব নোৱাৰো। ইন্টাৰনেট বিংশ শতিকাৰ সবাতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ। ইন্টাৰনেট যোৱা ২০ বছৰত যিমান পৰিবৰ্তন হৈছে হয়তো ইমান পৰিবৰ্তন হবলৈ পুৰণি সময়ত ১০০ বছৰৰ প্ৰয়োজন আছিল। ইন্টাৰনেট ইমান দ্ৰতগতিত আগবাঢ়িব ধৰিছে যে 5G শেষ নোহওতেই 6G ৰ কাম আৰম্ভ হৈ গৈছে। হাই স্পিড ইন্টাৰনেটৰ কিয় প্ৰয়োজন হৈছে আমি তাকে আলোচনা কৰিম।

ইন্টাৰনেটৰ অবিহনে প্ৰতিদিনৰ চলিব অসম্ভৱ হৈ গৈছে। মহামাৰিৰ সময়ত গোটেই পৃথিৱীৰ দায়িত্ব ইন্টাৰনেটৰ ওপৰত যে নিৰ্ভৰ হৈছে আছে এইটো আমি সকলোৱে জানো। অফিচৰ কাম হওক , বা কিবা গুৰুত্বপূৰ্ণ মিটিং(সভা), ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ লগতে টিকা লগোৱাৰ আবেদনই হওক, সকলো ডিজিটেল হৈ গৈছে। Facebook- WhatsAppত কথা-বতৰা, Netflix- Hotstarত মনোৰঞ্জন কৰা কামবোৰ কিন্তু আমি আগৰেই পৰা ডিজিটেলৰ ওপৰতোই নিৰ্ভৰ কৰি আছিলো। Amazon-Flikart ত অনলাইন সোপিংৰ লগত বাচ-ট্ৰেইনৰ টিকিট কাটিবলৈ সকোখিনি ইন্টাৰনেটৰ ওপৰতেই নিৰ্ভৰ আছিলো। ডিজিটেল দুনিয়াত বহুতখিনি বস্তুৱেই পেপাৰলেজ্ হবলৈ ধৰিছে। কাগজৰ চাহিদা কমিলে, হাবি-বনৰ গছ-গছনিও সুৰক্ষিত হব। টেকনোলজি আৰু ইন্টাৰনেটৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা দিনেকদিনেই বেছি হবলৈয়ে ধৰিছে। আৰু এইবোৰৰ বাবেই বঢ়াব লাগিব ইন্টাৰনেটৰ ষ্পিড(বেগ)।

Post a Comment

0 Comments