Ticker

6/recent/ticker-posts

Arvind Kejriwal Does Not Have Coronavirus, Read/ News in Assamese Language

দিল্লীৰ মুখ্য়ামন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কোৰোনা টেষ্ট আহি গৈছে, টেষ্টত নেগেটিব ওলাইছে, তেখেতে কোনো ধৰণৰ কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা নাই।
৭ জুনিত কেজৰিৱালৰ শাৰিৰীক অৱস্থাৰ বেয়া হৈছিল, তেখেতৰ অলপ অলপ জ্বৰ আছিল, কিন্তু শ্বাস-প্ৰশাসত কোনো অসুবিধা হোৱা নাছিল।  


৮ তাৰিখৰ সকলো মিটিং/সভা তেওঁ বাতিল কৰিছিল। তেওৰ দুই দিন ধৰি জ্বৰ আৰু ডিঙিৰ অসুবিধাৰ বাবে ৭ জুনৰ পৰা তেওঁ নিজকে হোম কৰেণ্টেণ কৰি ৰাখিছিল, আজি ৯ তাৰিখ তেখেতৰ টেষ্টৰ ৰিজাল্ট আহি গৈছে।


(মনত ৰাখিব যে, অসমীয়া মানুহৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ ৱেবছাইট বা চেনেলৰ পৰা আইডিয়া লও আৰু ইয়াক অসমীয়ালৈ অনুবাদ কৰো। অসমীয়া বুলি নিজকে গৌৰব কৰো,-- জয় আই অসম, অসমীয়া মই,।।)



ইয়াৰ ভিতৰতে ৯ জুনত দিল্লীত এটা গুৰুত্বপূৰ্ণ সভা হোৱা কথা আছিল। সভাখনৰ উদ্দেশ্য় গুৰুত্বপূৰ্ণ আছিল-- কোৰোনা ভাইৰাছ নিজ নিজ কমিউনিটিৰ ভিতৰত প্ৰসাৰ হৈছে নেকি? যদি হৈছে তেন্তে কি কৰিব লাগিব? এই বৈঠকত কেজৰিয়াল চাহাবে অংশ লোৱা কথা আছিল, কিন্তু তেতিয়ালৈকে কোনো ৰিপোৰ্ট অহা নাছিল বাবে দিল্লীৰ উপ-মূখ্য়মন্ত্ৰী  মনীষ সিসোদিয়া আৰু স্বাস্থ্য মন্ত্ৰী সত্য়েন্দ্ৰ জৈন অংশ গ্ৰহন কৰিছিল। আজিৰ তাৰিখত দিল্লীত ২৯৯৪৩ কোৰোনাত আক্ৰান্ত হৈছে, তাৰে ভিতৰত ১৭৭১২ এতিয়ালৈ এক্টেভ আছে আৰু ১১৩৫৭ আৰগ্য় হৈছে , কিন্তু ৮৭৪ জনৰ মৃত্য়ু হৈছে।

Post a Comment

0 Comments